পৃষ্ঠা:ঘোষাৰত্ন.djvu/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এহি বুলি শুক্ৰে নাম গাই,   যজ্ঞ সমৰ্পিলা আজ্ঞা পাই,
  বলিয়ো কৃষ্ণক তুষিলা মহা যতনে॥৩০৯

চবি।

তপ দান ব্ৰত চয়,   ঋষি সবে আচৰয়,
  ন্যূন হোৱে তাত যত যত।
তাহাক সম্পূৰ্ণ কৰে,   যিতো অচ্যুতৰ নামে,
  তাঙ্ক মই বন্দোহোঁ সতত॥৩১০
বিষয় ৰসক যাৰা,   ইচ্ছা কৰি বাৰম্বাৰ,
  সংসাৰ সাগৰে যাই তল।
হেন আতুৰৰো নৌকা,   হৰিৰ কীৰ্ত্তনে তাৰে,
  দেখা ব্যাস হৰি নাম বল॥৩১১
গৃহতে থাকিয়া যাৰা,   নিষিদ্ধ কৰ্ম্মক তেজি,
  মোৰ কথা কহি কাল নেই।
গৃহতে যদ্যপি থাকে,   তথাপিতো তাসম্বাক,
 সিতো গৃহবাসে নবাধই॥৩১২

লেচাড়ি।

আপুনাৰ বহু নাম কৈলা,  তাতে নিজ শক্তি থাপি থৈলা,
  নাম স্মৰণত কালৰ নিয়ম নাই॥
এতাদৃশী তব কৃপা হৰি,   মোৰ হেন দুৰ্ব্বাসনা বল,
  নামে অনুৰাগ নভৈলা মোৰ সদাই॥৩১৩