পৃষ্ঠা:ঘোষাৰত্ন.djvu/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪৯)

মহামুনি উপশান্ত   বৈৰহীন সমদৃষ্টি,
 হুয়া সিতো মোতে দেই মন॥২২২
তান মঞি যাইবো পাচে, চল চাই কাচে কাচে,
 পদ ধূলী শিৰে ধৰোঁ তুলি।
গৰ্ভৰ ব্ৰহ্মাণ্ডচয়, পবিত্ৰ কৰোহোঁ মঞি,
 ইতো ধূলী সত্য বস্তু বুলি॥২২৩


প্ৰাৰ্থনা।

লেচাড়ি।

জয় জয় জয় ভগৱন্ত,   নাহি পূৰ্ব্বাপৰ আদিঅন্ত,
 তোমাৰ চৰণে শৰণ পসিলো স্বামী।
মোক কৃপা কৰাঁ দীনবন্ধু, তাৰিয়োক ইতো ভৱসিন্ধ‌ু,
 তজু পাদ পদ্মে সত্যে বিকা গৈলোঁ আমি॥২২৪
হে কৃপাময় দেৱ হৰি, কোনে তজু সেৱা পৰিহৰি,
 আন দেৱ সেবা কৰিবেক আখি খাই।
যিতো হৰি সন্ত ধূলা লৈয়া, নিজ পদে নিজ দাস থৈয়া,
 ইসব কৃপাৰ গুণক দেখি সদাই॥২২৫
সংসাৰত ফুৰোঁ দুখ পাই, তুমি তাক জানা যদুৰাই,
 তজু অংশ হুয়া আপুনি ভৈলোঁ বঞ্চিত।