সমললৈ যাওক

পৃষ্ঠা:ঘোষাৰত্ন.djvu/১৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৪৭ )

এহি বুলি ঋষি,  জটাক চিড়িয়া,
 কৰিলা তাঁঙ্ক প্ৰহাৰ॥৭৬১
জটাৰূপ ধৰি, দড় দড় কৰি,
 ৰাজাক খেদিয়া যাই।
কৃষ্ণৰ চৰণ,  স্মৰিয়া মনত,
 নলৰিলা মহা ৰাই॥৭৬২
চক্ৰে আছে চাই,  জটা খেদি যাই,
 ৰাজাক কৰিবে নাশ।
নিজ ৰূপ ধৰি,  কৃত্যাক সংহৰি,
 ঋষিৰ জলাইলা ত্ৰাস॥৭৬৩
প্ৰয়াস নিষ্ফল,  দেখিয়া দুৰ্ব্বাসা,
 চক্ৰক আছন্ত চাই।
কিকৰিলো পাপ,  আচৰিলোঁ তাপ,
 মোক দেখোঁ আসে ধাই॥৭৬৪
এহি বুলি ঋষি,  প্ৰাণৰ কাতৰে,
 ভীৰিয়া দিলন্ত লৰ।
পাচত খেদন্ত,  চক্ৰে কৰি তাপ,
 দেখি আসে দড় দড়॥৭৬৫
দশো দিশ চাই, ঋষি পলাই যাই,
 চক্ৰ খেদি যাস্ত পাচে।