পৃষ্ঠা:ঘোষাৰত্ন.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৸৹

 ৺গোপাল মিশ্ৰৰ পূৰ্ব্ব পুৰুষ সম্বন্ধে আমি অনুসন্ধান কৰি ইয়াকে মাত্ৰ জানিছো যে তেওঁৰ পূৰ্ব্বপুৰুষ উড়িষ্যা দেশৰ পৰা আহিছিল। এক শতিকাত তিনি পুৰুষ ধৰা নিয়মে গোপাল মিশ্ৰৰ কাল প্ৰায় ১৪৩৬ শক হয়। এই হিচাপেও তেওঁ দামোদৰ দেৱৰ সমসাময়িক লোক হয়। দামোদৰ দেৱে বৈকুণ্ঠ প্ৰয়াণ কৰিবৰ সময়ত তেওঁৰ প্ৰধান প্ৰধান শিষ্যবিলাক সকলো গোট খাইছিল কিন্তু সেই সকলৰ ভিতৰত গোপাল মিশ্ৰৰ নাম নাই। সম্ভবতঃ তেওঁ দেৱ দামোদৰৰ আগেয়েই দেহত্যাগ কৰিছে। এই বিলাক সকলো কথা গমিপিটিকি চাই আমি ১৪৩৬ শকৰ পৰা ১৫০০ শকলৈকে গোপাল মিশ্ৰৰ কাল বুলি ভাবো।

 তেনেহলে এই কালৰ ভিতৰতে ঘোষাৰত্ন লিখা হৈছে। ঘোষাৰত্নৰ আদিতে তেও শঙ্কৰ দেৱ, মাধৱ দেৱ আৰু ৰামৰাম দেৱৰ নাম যেনে শ্ৰদ্ধাৰে উল্লেখ কৰিছে, তাৰপৰা ভালকৈ বুজিব পাৰি যে বামুনীয়া আৰু মহাপুৰুষীয়া এই দুটা দল সৃষ্টি হবৰ আগেয়েই এই পুথি লিখা হৈছে। তেওঁ লিখিছে :-

“শ্ৰীমন্ত শঙ্কৰ শুভাশয়,  দামোদৰ যশ প্ৰকাশয়,
  ভাগৱত ক্ষীৰ পয়োধিত গৈলা তল।
বিৰচিলা নানা পদচয়,  সংসাৰক যিতো নিস্তাৰয়,
 দেখা দেখা নৰ ভকতিৰ কিনু বল॥৩
ৰাম ৰাম দেৱ যাৰ সঙ্গ,  মনে পায়া যিতো মহাৰঙ্গ,
 নামৰ কীৰ্ত্তনে পৰম সন্তোষ ভৈলা।
জীৱৰ সংসাৰ দূৰ কৰি,  নাম মাত্ৰ গাইলা মুখ ভৰি,
 ৰাম ৰাম নাম উচ্চৰি সততে ৰৈলা॥৪