সমললৈ যাওক

পৃষ্ঠা:ঘোষাৰত্ন.djvu/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৯)

গৰুড় পুৰাণে হৰি,   কহিলন্ত নিষ্ট কৰি,
 যিতো জনে ধ্যান বিবৰ্জিত।
হৰিত শৰণ লৈয়া, ভকতি ৰসক পায়,
 সাধিলেক আপুনাৰ হিত॥১৭৪
নাৰদ পুৰাণে হৰি, কহি আছা নিষ্ট কৰি,
 যিতোজনে শৰণ লৱয়।
কমললোচন হৰি, গোবিন্দ বামন সদা,
 নৰসিংহ বচন বোলয়॥১৭৫
শৰণ পসিলোঁ হৰি, লৈয়ো মোক দাস কৰি,

 এহি বাক্য সততে বোলয়।
শুনিয়া তাহাৰ বানি, সংসাৰক কৰো হানি,
 সিতে মোৰ প্ৰিয় আতিশয়॥১৭৬

⸻⸻

সৎসঙ্গৰ মহিমা।

লেচাড়ি।

শুনিয়ো উদ্ধব সখি তুমি,  তোমাত ৰহস্য কহোঁ আমি,
 তুমি মোৰ ভৃত্য সুহৃদ সখি উত্তম।
সুগোপ্য পৰম গুহতম,  জ্ঞান কৰ্ম্মে যাক নুহি সম,
 যদু বংশ মধ্যে নাহিকে তোমাক সম॥১৭৭