পৃষ্ঠা:ঘোষাৰত্ন.djvu/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৮৮)

কেবল নাম।

দোলড়ি।

কৃষ্ণ ৰাম হৰি,  মুকুন্দ মুৰাৰি,
 বিভু প্ৰভু সনাতন।
অগতিৰ গতি, মুকুতিৰ পতি,
 প্ৰপন্ন ভয় ভঞ্জন॥৪০০
গোবিন্দ মাধব, অনন্ত অচ্যুত,
 সদানন্দ নিৰাকাৰ।
দৈবকী নন্দন, জগত বন্দন,
 সমস্ত জগআধাৰ॥৪০১
চতুৰ্ভুজ হৰি, শঙ্খচক্ৰধাৰি,
 দৈবকী দেবী কুমাৰ।
ব্ৰজ বিভূষণ, পুতনা শোষণ,
 নাৰায়ণ নিৰাকাৰ॥৪ ০২
ভকত বৎসল,  কৃপাৰ সাগৰ,
 ভুবন মোহন ৰাম॥
অনাথৰ নাথ,  পতিত পাৱন,
 সমস্ত সুখৰ ধাম॥৪০৩