পৃষ্ঠা:ঘোষাৰত্ন.djvu/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৯)

বাক্যে গোবিন্দৰ নাম পাৱে, মনে কদাচিতো লগ পাৱে,
 মধ্যম শৰণ তাহাঙ্ক শাস্ত্ৰে কহয়॥১৩০
শৰীৰৰ আশা কৰে দূৰ,  নাম গায়া কৰে মন পূৰ,
 জগতৰ পতি ভগৱন্ত চক্ৰপাণি।
তান্ত প্ৰেম ভক্তি ভৈল যাৰ,  উত্তম শৰণ কয়ে তাক,
 উত্তম শৰণে সংসাৰক কৰে হানি॥১৩১


ভজন।

লেচাড়ি।

প্ৰতিমাক থাপি যিতো জন,  কৃষ্ণ বুদ্ধি সেৱে অনুক্ষণ,
 ভকতক সিতো মানিবাক নপাৰয়।
আনত নাহিকে হৰিবুদ্ধি,  নতু হৱে তাৰ চিত্তশুদ্ধি,
 প্ৰাকৃত ভজন তাহাক জানা নিশ্চয়॥১৩২
উত্তম হোৱয় যিতো জন,  তাক সেৱা কৰে অনুক্ষণ,
 সমানক পায়া মিত্ৰতা ভাব কৰয়।
দানজন পায়া কৰে দায়া,  আক তেজি আসে বিষ্ণুমায়া,
 মধ্যম ভজন তাহাক শাস্ত্ৰে কহয়॥১৩৩
বিষয় কথাক নুশুনয়,  কৃষ্ণনাম মাত্ৰ উচ্চাৰয়,
 কৰ্ণ বন্ধ ভৰি শুনে গোবিন্দৰ যশ।