এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১১১ )
বাৎসল্য ৰস।
অদিতী নন্দন, যশোদা নন্দন,
দৈবকী নন্দন হৰি।
বাৎসল্য ৰসক, প্ৰবৰ্ত্তায়া কৃষ্ণে,
আছা পুত্ৰ নাম ধৰি॥৬১৩
⸻
সখ্যৰস।
শ্ৰীদামৰ সখি, অৰ্জ্জুনৰ সখি,
উদ্ধবৰ সখি দেব।
সখিত্ব ৰসক, দেখাইলন্ত কৃষ্ণে,
তাঙ্ক কৌটী কৰো সেব॥৬১৪
⸻
সাহত্য ৰস।
পাণ্ডু সুত প্ৰিয়, পাৰ্থৰ সাৰথি,
যুধিষ্ঠিৰ হিতকাৰী।
সাহত্য ৰসক, দেখায়া পাণ্ডৱ,
কুলক নিলা নিস্তাৰি॥৬১৫
⸻