পৃষ্ঠা:ঘোষাৰত্ন.djvu/১৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৫১)

দোলড়ি।

পদ।—

ঈশ্বৰ বদতি,  শুনিয়ো দুৰ্ব্বাসা,
 ভক্তৰ অধীন মঞি।
তাসম্বাৰ আগে,  মোৰ কদাচিতো,
 স্বতন্ত্ৰতা নঘটয॥৭৮১
একান্ত ভকতে,  ভক্তি কৰি মোক,
 বান্ধে প্ৰেম জৰি দিয়া।
এতেকেসে মঞি,  তাসম্বাক সদা,
 মনত থাকো চিন্তিয়া॥৭৮২
ভকতত বিনা,  আপুনাক মঞি,
 নমানোহো পূৰ্ণ কৰি।
ভক্তৰ সমান,  ত্ৰৈলোক্যত মোৰ,
 কোন বন্ধু আছে সৰি॥৭৮৩।
লক্ষ্মীয়ো সমান,  নুহিকে ভক্তৰ,
 যিহেতু লক্ষ্মী সকাম।
একান্ত ভকতে,  নিষ্কামে ভজিয়া,
 গাৱে মোৰ গুণ নাম॥৭৮৪
এতেকে ভক্তত,  বিনায়ে লক্ষীত,
 বাঞ্চা মোৰ নাহিকয়।