পৃষ্ঠা:ঘোষাৰত্ন.djvu/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৯৩ )

কৃষ্ণ কৃষ্ণ কৃষ্ণ যিতো বোলে তিনিবাৰ।
সুজিবে নুৱাৰে কৃষ্ণে তাৰ মহাধাৰ॥৪২০
কৃষ্ণ নাম একবাৰ যিটো নৰে গাৱে।
তিনি রূপ সহস্ৰ নামৰ ফল পাৱে।
কৃষ্ণ নাম পূৰ্ণ আন নাম ভৈল অংশ।
কৃষ্ণ নাম লৈয়া তেজা বিষয়ৰ সঙ্গ॥৪২১
কৃষ্ণ নাম গায়া লভা ভকতিৰ সুখ।
দূৰতে তেজিয়ো ইতো বিষয়ৰ দুখ।
কৃষ্ণ নাম কেবলে ভকতি পুরুষৰ।
সাধয় কি কৰা বসি বিচক্ষণ নৰ॥৪২২
গোবিন্দ নামেসে ৰতি হৰিত কৰাৱে।
বিষয়ক তেজি যিতো অনুক্ষণে গাৱে।
ৰাম নামে পুৰযৰ মুকুতি সাধয়।
হেন নাম তেজি কেনে বিষয়ে ৰময॥৪২৩
ৰাম ৰাম ৰাম বুলি থাকা দেব হৰ।
হেন নাম নধৰয় অধম পামৰ।।
পাৰ্ব্বতী জপন্ত ৰাম নাম মহানাম।
ৰাম নাম মহামন্ত্ৰ সৰ্ব্ব সুখ ধাম॥৪২৪
কলিৰ বাৰ্য্যক হৰে ৰাম নাম বুলি।
সমুলঞ্চে বাসনাৰ থৱে আলু তুলি।।