পৃষ্ঠা:ঘোষাৰত্ন.djvu/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৭৫)


শুনিয়ো পাৰ্ব্বতী সুবদনী;   ৰাম ৰাম ৰাম ৰাম বাণী,
  একে ৰাম নাম সহস্ৰ নাম সমান।
ৰামৰ সঙ্গত ৰমে ৰামা,   মনোৰমা বুলি দেবহৰে,
 সম্বোধিলা হেন মনে কৰা অনুমান॥৩৪০

⸺⸺

নামৰ অপৰাধ।
দোলড়ি।

মহন্তৰ নিন্দা,   শিব বিষ্ণু ভেদ,
  আচাৰ্য্যৰ অনাদৰ।
বেদক নিন্দয়,   নামে অৰ্থবাদ,
  কৰে মহা পাপবৰ॥৩৪১।
নামৰ বলত,   পাপ আচৰয়,
  শ্ৰদ্ধা বিষৰ্জ্জিতে দান।
তপ জপ যজ্ঞ,   তুলা পুৰুষাদি,
  দেখা নাম সমান॥৩৪২
নামক শুনিয়া,   শ্ৰদ্ধা নকৰয়,
  কীৰ্ত্তনত অহঙ্কাৰ।
এহি দশবিধ,   অপৰাধ ঘোৰ,
  নামৰ মুখ্য হাঙ্গাৰ॥৩৪৩