পৃষ্ঠা:ঘোষাৰত্ন.djvu/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫০)

সত্যে সত্যে ভৈলো তজু দাস, পূৰিয়োক মোৰ মন আশ
 নাম ধন দিয়া সাধিয়োক মোৰ হিত॥২২৬
যাৰ নাম গন্ত দেব হৰ, নাৰদে শুনন্ত নিৰন্তৰ
 শৌনকাদি মনে ভাৱন্ত আনন্দ পাই।
ব্ৰহ্মা চাৰি মুখে যাক গান্ত, মনত পৰম তোষ পান্ত
 হেন নাম দিয়া মঞো ফুৰোঁ সদা গাই॥২২৭
তুমি চিদানন্দ দেবহৰি, লৈয়ো মোক নিজ দাস কৰি,
 তজু পদ তলে লিখিয়েক মোৰ নাম।
গাইবো মঞি তজু নিজ ষশ, মনত লভিবো মহাৰস,
 নতৰিলোঁ ভব গায়া তজু গুণ নাম॥২২৮

⸻⸻

ভাৰত বৰিষৰ প্ৰশংসা।

⸻⸻

লেচাড়ি।

ভাৰত বৰিষে নৰকাই,   দেবে খেদ কৰি আছাঁ চাই,
 কৈশানি লভিবো আমি ইতো দিব্য তনু।
ইতো স্বৰ্গে আৰু কাৰ্য্য নাই, নৰ তনু পাইবো সমুদাই,
 গোবিন্দৰ গুণ নাম বেড়ি গাইবোঁ পুনু॥২২৯
আৰা সবে কত তপসাই, ভাৰতে লভিলা নৰকাই
 কিবা হৰি দিলা প্ৰসন্ন হুয়া আপুনি।