এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৪)
শিক্ষা।
গুৰু দেস্ত উপদেশ চয়, শিষ্যে গুণ বুদ্ধি নলৱয়,
যাতো শিষ্য মনে কৰিবে নোয়াৰে সাৰ।
গুৰু তভো পুনু শিক্ষা দেন্ত, আপুনাৰো মত দেখাৱন্ত,
মহন্তে প্ৰকৃত শিক্ষা নাম থৱে তাৰ॥১৫১
গুৰু ভক্তি উপদেশ দেন্ত, শিষ্যে সৎবুদ্ধি মনে লন্ত,
তথাপিতো কোন বেলা মহা মোহ পাৱে।
ভেদ কৰিবাক নপাৰয়, জ্ঞান ভকতিক ঝপাই কয়,
ইহাক মধ্যম শিক্ষা বুলি শাস্ত্ৰে কৱে॥১৫২
জ্ঞান কৰ্ম্ম কষ্ট পৰিহৰি, হৰিত মনক নিষ্টা কৰি,
গুৰু উপদেশে একান্ত সন্তক মানে।
সন্তৰ দাসকো সেবা কৰে, তাসম্বৰ মত মনে ধৰে,
মহন্তে উত্তম শিক্ষা বুলি আক জানে॥১৫৩
—
স্বভাব।
শাস্ত্ৰাচাৰ্য্য উপদেশ সাৰ, শিষ্যকো শিখাৱে বাৰম্বাৰ,
তত্ত্ব ৰূপে শিষ্যে ধৰিবাক নপাৰয়।
কোন গুণ কোন দোষ চয়, মনে বিচাৰিয়া নপাৱয়,
প্ৰাকৃত স্বভাব ইহাক শাস্ত্ৰে কহয়॥১৫৪