পৃষ্ঠা:ঘোষাৰত্ন.djvu/১৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৪৯)

পুত্ৰ বুলি মোক,  ৰাখিবন্ত হৰে,
 মনত কৈলন্ত সাস॥৭৭১
ৰাখা মোক বাপ,  পাঞো মহাতাপ,
 তুমিসে জনক মোৰ।
অল্প অপৰাধে,  চক্ৰে পুৰি মাৰে,
 তাপ দেই মহা ঘোৰ॥৭৭২
শঙ্কৰ বদতি,  শুনিয়ো দুৰ্ব্বাসা,
 ৰাখিতে নাহি শকতি।
আমি পৰাধীন, কৃষ্ণসে ঈশ্বৰ,
 যিহেতু কৰোঁ ভকাত॥৭৭৩
নাৰদ সনত-   কুমাৰ কপিল,
 শুক ভীষ্ম বলিৰায়।
যাহাৰ মায়াক, নজানে যিহেতু,
 মায়ায়ে মোহিত হয়॥৭৭৪
তাহান ভক্তৰ,  দ্ৰোহ কৰি আছা,
 নোৱাৰোঁ আমি ৰাখিতে।
তাহান চৰণে,   শৰণ পশিয়ো,
 যদি মানা আত্মাহিতে॥৭৭৫
এহি বাণী শুনি,  বৈকুণ্ঠক গৈলা,
 যৈত আছে লক্ষ্মীপতি।