পৃষ্ঠা:ঘোষাৰত্ন.djvu/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১০৩ )

গোপাল গোবিন্দ নমো মুকুন্দ মুৰাৰি।
যশোদা নন্দন নমো গোকুল বিহাৰি॥৫৬৬

মিনতি।

সংসাৰ সাগৰে হৰি ফুৰো চিৰকাল।
কতনো নিকাৰ চোৱাঁ বান্ধব গোপাল॥
তুমি মোক পদ তলে যদি দিয়া বাস।
মায়াৰ ভাবনা ভাঙ্গিবাকো আছে আশ॥৫৬৭
শুনা সভাসদ ইতো কৃষ্ণৰ কীৰ্ত্তন।
সততে মনত স্মৰা বিষ্ণুৰ চৰণ॥
ইতো কলি যুগে দেখা ধৰ্ম্ম ভৈলা ছন্ন।
হৰিৰ কীৰ্ত্তন কৰি শুদ্ধ কৰা মন॥৫৭৮
কহয় গোপাল মিশ্ৰে হৰি দেৱ সাৰ।
ৰাম ৰাম বুলি তবা সংসাৰ নিকাৰ॥

দোলড়ি।

অজামিল মহা, পৰম পাতকি,
 নাৰায়ণ নাম লৈলা।
নামৰ বলত,  যমক বঞ্চিয়া,
 সিয়ো বৈকুণ্ঠক গৈলা॥৫৬৯