পৃষ্ঠা:ঘোষাৰত্ন.djvu/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১০৮ )


পিছে কামপীঠে কৰি বাসা,   কৃষ্ণ পাদপদ্মে কৰাই আশা,
 কলিত কেবলে ভক্তিমাৰ্গ প্ৰৱৰ্ত্তাই॥
পুনুৰপি ৰত্নপীঠে যায়া,   অসংখ্যাত জীব নিস্তাৰিয়া,
  নিজৰূপ তৈতে লভিলন্ত নাম গাই॥৫৮৯
দেব দামোদৰ কৃপাময়,   কলিত জীবৰ দেখি ভয়,
 শ্ৰবণ কীৰ্ত্তন স্মৰণ বিস্তাৰ কৰি।
কেবল ভকতি দেখাই থৈলা, বুদ্ধিমন্ত সাধু তাকে লৈলা,
 নিজ যশ প্ৰভু শুনিলন্ত কৰ্ণ ভৰি॥৫৯
দেবদামোদৰ শুদ্ধমত,   কহিলন্ত লোকে অবিৰত,
 যাৰ মত মানি পণ্ডিত ব্ৰাহ্মণ চয়।
কৃষ্ণ পাদপদ্মে ভজিলন্ত,   থানে থানে সত্ৰ পাতিলন্ত,
  যাহাৰ যশস্যা ব্ৰহ্মাণ্ড ভেদি বহয়॥৫৯১
হেনয় বন্ধুক পায়া পাপ,   নতৰিলোঁ ইতো ভবতাপ,
  অনন্ত জন্মৰ দুৰ্ব্বাসনা আছে মোৰ।
তথাপিতো তুমি দয়াময়,   হৰা ইতো মোৰ ভব ভয়,
  মোৰ ধন হৰে মন ইতো বৰ চোৰ॥৫৯২
তুমি জগতৰ নিজ বন্ধু,   যি হেতু নিস্তৰো ভব সিন্ধু,
  তোমাৰ চৰণে শৰণ পশিলোঁ দেব।
ইবাৰ নেৰিবা মোক স্বামী,  তজু পাদ পদ্মে সত্যে আমি,
  শৰণ পূৰ্ব্বকে কৌটী কৌটী কৰো সেব॥৫৯৩