পৃষ্ঠা:ঘোষাৰত্ন.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১১)

স্বৰূপ লক্ষণে,  তাহাঙ্কে বুজাঞো
 শুনা সাৱধান মনে।
তাহান স্বৰূপ,  নাৰদত বিনে,
 নজানয় আন জনে॥৪৪
সত্য বস্তু হৰি,  জানা নিষ্ট কৰি,
 প্ৰপঞ্চ ইতো অসত্য।
যি হেতু সত্যৰ,  সকাশত থাকি,
 সত্য হেন প্ৰকাশন্ত॥৪৫
সত্যৰ কাৰণ,  কহোঁ শুনিয়োক,
 প্ৰকৃতিৰ গুণচয়।
ইশ্বৰতে আছে,  তথাপিতো জানা,
 তাঙ্ক নিষ্টে নোচোৱয়॥৪৬
তমো গুণ হন্তে,  গোলোক হোৱয়,
 ইন্দ্ৰিয় ৰজো গুণত।
সত্ত্ব গুণ হন্তে, শুদ্ধ সত্ত্বময়,
 দেৱতা হবে বেকত॥৪৭
তিনি গুণে আসি,  সৃষ্টি স্থিতি লয়,
 জগতৰ কৰি ৰৱে।
ৰজো গুণে ব্ৰহ্মা,  সৃষ্টি কৰিলন্ত,
 সমস্ত শাস্ত্ৰতে কৰে ॥৪৮