পৃষ্ঠা:ঘোষাৰত্ন.djvu/১৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৪৪)

মধুবনে যায়,  হৰিক পূজিয়া,
 বিপ্ৰক দিলন্ত দান॥ ৭৪৬
ব্ৰাহ্মণ সবক, ভোজন কৰায়া,
 সবাকে ৰাজা তুষিলা।
বস্ত্ৰ অলঙ্কাৰ, সুগন্ধ কুসুমে,
 বিপ্ৰৰ গাৱ মণ্ডিলা॥ ৭৪৭
ব্ৰাহ্মণ সকলে,   অনুজ্ঞা দিলন্ত,
 পাৰণা কৰিয়ো বুলি।
পাৰণা কৰিবে,  ইচ্ছা কৰিলন্ত,
 তাসম্বাৰ লৈয়া ধূলী॥ ৭৪৮
সেহি সময়ত,  দুৰ্ব্বাসা আসিলা,
 শিষ্যগণ লৈয়া সঙ্গে ।
তাঙ্ক পূজা কৰি, চৰণত ধৰি,
 নমিলন্ত ৰাজা ৰঙ্গে॥ ৭৪৯
মোৰ বৰ ভাগ,   পাইলোঁ প্ৰভুলাগ,
 কৰিয়ো ভোজন আসি।
ভাল ভাল বুলি,  ঋষি হাত তুলি,
 আশীৰ্ব্বাদ কৰে হাসি॥ ৭৫০
কুশলে থাকিয়ো,  সম্ভাৰ জোৰায়ো,
 আসোঁ মঞি স্নান কৰি।