সমললৈ যাওক

পৃষ্ঠা:ঘোষাৰত্ন.djvu/১৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১২৯)

সুনিৰ্ম্মল মুখ আপুনাৰ,  কৃষ্ণে চুম্বিলন্ত বাৰম্বাৰ,
 এতেকে সুন্দৰ মানিলন্ত নিহালিয়া॥৬৭৬
বৃন্দাবনে ব্ৰহ্মা দেখিলন্ত,  মহা পুণ্যবন্তে অৰ্পিলন্ত,
 তুলসীৰ মালা কৃষ্ণৰ সৰ্ব্ব গাৱত।
চৰণ-মন্তক আছে বেড়ি,  ভ্ৰমৰে চুম্বিয়া কৰে খেড়ি,
 নবীন তুলসী ৰসৰ আতি ভৰত॥ ৬৭৭
ভক্তে দেন্ত বনমালাচয়,  কৃষ্ণৰ সৰ্ব্বাঙ্গ প্ৰকাশয়,
 লক্ষী বক্ষস্থলে থাকি কৰা অসন্তোষ।
তথাপি ভক্তৰ বঢ়াই মান,  বাসী মালা পিন্ধা যিতো কৃষ্ণে,
 হেন কৃষ্ণ নামে হৰোক আমাৰ দোষ॥৬৭৮
অসাৰ সংসাৰ একবাৰ,  যাত বিনে সাৰ নাহি আৰ,
 হৰিৰ অৰ্চ্চন সমস্ত শাস্ত্ৰে কহয়।
যিতো হৰি সমন্তৰে নাথ,  তাহান চৰণে থাপি মাথ,
 সংসাৰ তৰিয়া মুকুতি সিতো পাৱয়॥৬৭৯

সাধন পূজা।

উদ্ধৱৰ আগে ভগৱন্ত,  সাধন পূজাক কহিচন্ত,
 কৰ্ম্মযোগে মোক পুজি বেদতন্ত্ৰমতে।
ইহলোকে পাৱে ভোগচয়,  পৰলোকে মুক্তি সুখ হয়,
 নিষ্কাম ভকতে ভকতি পাৱে সততে॥৬৮০