এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৭৬)
চবি।
শ্ৰদ্ধা ভাবে মোৰ নাম, যিজনে কীৰ্ত্তন কৰে,
নিশ্চয়ে জানিয়া বস্তু তুমি।
অপৰাধ কৌটী যদি, সিজনে আচৰি থাকে,
তথাপিতো ক্ষমা কৰো আমি॥৩৪৪।
জগন্নাথ নাম মোৰ, যিজনে কীৰ্ত্তন কৰে,
তাৰ ক্ষমো অপৰাধ শত।
তেজিয়ো সংশয় শিব, নামে জানা মোৰ জীৱ,
তুমি স্মৰা সততে মনত॥৩৪৫
চক্ৰায়ুধ দেব হৰি, যাৰ নাম মাত্ৰে তৰি,
তাৰ নামে বিঘ্নি নাহিকয়।
সৰ্ব্বকালে সৰ্ব্বদেশে, অশৌচ কালতো স্মৰি,
নৰ মাত্ৰে মুকুতি পাৱয়॥৩৪৬
এতেকে সে পৰীক্ষিত, সৰ্ব্বভাবে ভগবন্ত,
সৰ্ব্বদেশে সমস্ত কালত।
কীৰ্ত্তন কৰোক নৰে, স্মৰোক মনত সদা,
শ্ৰবণ কৰোক অবিৰত॥৩৪৭
লেচাড়ি।
কৃষ্ হেন ইতো বৰ্ণ দুই, সন্তৰূপ বস্তু প্ৰকাশয়,
ণকাৰে কহয় পৰম আনন্দ সুখ।