পৃষ্ঠা:ঘোষাৰত্ন.djvu/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১২৬ )


লক্ষী যাৰ পদ দুই,   আপোন উৰুত থই,
 ফলৰূপে কৰন্ত লালন।
হেন পদ হৃদয়ত,   ভক্ত সবে অবিৰত,
 প্ৰেমভাবে কৰন্ত চিন্তন॥৬৬৩
শোনকাদি কাষে হৰি,   গৈলা আথ বেথ কৰি,
 পাচে গৈলা পাৰিষদগণ।
শিৰত পাদুকা থোৱাঁ,   দণ্ড ছত্ৰ পাত্ৰ লোৱাঁ,
 কৃষ্ণৰ চৰণে দিয়া মন॥৬৬৪
কৃষ্ণ পাদ পৰশন,   জন্মে জন্মে মোৰ ধন,
 হৌক সৰ্ব্বে আশীৰ্ব্বাদ কৰা।
কৰ্ম্ম পাশে বন্ধ ভৈলোঁ,   সংসাৰত তল গৈলোঁ,
  নিস্তৰোহো হেন কৃপা কৰা॥৬৬৫
কৃষ্ণ পদ ৰেণু দুই,   স্বৰ্গকো নমানে যাই,
  চক্ৰবৰ্ত্তী ৰাজাৰো বিনাশ।
ব্ৰহ্মপদ ৰসাতল,   অণিমাদি সিদ্ধিচয়,
  মোক্ষকো নকৰে মনে আশ॥৬৬৬
যাৰ পদ সেবা ৰুচি,   সংসাৰী জীবৰ সদ্যে,
  বুদ্ধিৰ মলক নাশ কৰে।
যেন পদাঙ্গুষ্ঠ হন্তে,   বহিৰ্ভূত হুয়া গঙ্গা,
 শ্ৰদ্ধা মাত্ৰে সবে পাপ হৰে॥ ৬৬৭