পৃষ্ঠা:ঘোষাৰত্ন.djvu/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৫)

গুণ দোষ জানে যিতো জন,  কৃষ্ণৰ চৰণে দিয়া মন,
 হৰি ভক্তিৰসে কেবলে মাত্ৰ ৰময়।
যেন বায়ু আকাশক পাই,  ভাল মন্দ গন্ধ তেজি যাই,
 আনকো পবিত্ৰ স্বতসে জানা কৰয়॥১৫৫
লৌকিক বৈদিক কৰ্ম্মচয়,  ভকতিক পায়া তেজি ৰয়,
 কেৱল গুৰুক কৰে মাত্ৰ সতকাৰ।
ভাল শুদ্ধ বুদ্ধি তাৰ ভৈল,  গুৰু সেবা কৰি যাতো ৰৈল,
 উত্তম স্বভাব আক জানা সাৰে সাৰ॥১৫৬
ইতো নববিধ মহাগুহ্য,  মহন্ত সবৰো মহাপূজ্য,
 ইহাকে জানিয়া ৰহস্য ভকতি পাৱে।
সন্তৰ কৃপাক অনুসৰি,  তাসম্বৰ পদধূলী ধৰি,
 পৰম আনন্দে মিশ্ৰ কবিৰত্নে গাৱে॥১৫৭



শৰণ।

চবি।

অৰ্জ্জুনৰ আগে হৰি,  কহিলন্ত নিষ্ট কৰি,
 মোত তুমি সখি দিয়া মন।
হুয়োক আমাৰ ভক্ত,  মোক পূজা অবিৰত,
 গন্ধ পুষ্পে কৰিয়া যতন॥১৫৮