পৃষ্ঠা:ঘোষাৰত্ন.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৪)

সেহি মতে ইতো,  জগত সিদ্ধি,
 ঈশ্বৰত হন্তে হৱে।
ঈশ্বৰে এড়িলে,  অজ্ঞানী সমস্তে,
 সবে মিচা বুলি কৱে॥৫৯
যদি বোলাঁ ইতো,  ঈশ্বৰত আছে,
 প্ৰপঞ্চ জড় সগুণ।
প্ৰপঞ্চক বুলি,  কেনমতে হৰি,
 আপুনি হৈলা নিৰ্গুণ ॥৬০
ইতো শঙ্কাচয়,  কদাচিতো নয়,
 চৈতন্য বিশুদ্ধ হৰি।
স্বৰূপ প্ৰকাশি,  মায়াৰ কপট,
 থৈলা দূৰে পৰিহৰি॥৬১
শুনা সভাসদ, ভাগৱত পদ,
 মনত কৰি নিশ্চয়।
ব্যাসে যাক ভজা,  নাৰদে ভজন্ত,
 আমাৰ কোন সংশয়॥৬২
সংশয়ক তেজা,  কৃষ্ণ পাৱে ভজা,
 পূৰিয়োক মন কাম।
উদ্ধাৰা পুৰুষ,  সমজ্যাৰ লোক,
 ডাকি বোলা ৰাম ৰাম॥৬৩