পৃষ্ঠা:ঘোষাৰত্ন.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫৭)
 

কলিক হাততে পাই,   নৃপ পৰিক্ষীত ৰাই,
  নৱবিধ গুণ লৈলা তাৰ।
পুণ্য ইচ্ছা যাতে হৱে,   পুনু পান কৰি পাৱে,
  যেমতে ভ্ৰমৰে লৱে সাৰ॥২৫৮

দুলড়ি।

নাৰায়ণ হেন,  শবদ আছয়,
  বচনো অধীন হয়।
তথাপিতো নৰে  ঘোৰ নৰকত,
 বৃথায় পৰি মৰয়॥২৫৯
কিনু মূঢ় ভাব,   কিনু মূঢ় ভাব,
  দুবুদ্ধি সবৰ ভৈল।
বিষ্ণু হেন নাম,   ঔষধ থাকন্তে,
  নৰকত তল গৈল॥২৬০
হৰিৰ নামৰ,   যিমান শকতি,
  পাপ বিনাশনে হয়।
ততেক পাতক,   পাতকী সকলে,
  কৰিবাক নপিৰয়॥২৬১
গোতমী তন্ত্ৰত,   শিবৰাজ আগে,
  নাৰদ দেবে কহিলা।