পৃষ্ঠা:ঘোষাৰত্ন.djvu/১৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৪০)

অন্তৰ্য্যামী ঈশ্বৰৰ,  দেহ নিবেদনে পাচে,
 সাধন হোৱয় মানুষত॥৭২৭

দোলড়ি।

শ্ৰৱণ কীৰ্ত্তন,  স্মৰণ বিষ্ণুৰ,
 অৰ্চ্চন পাদ সেৱন।
বন্দন সখিত্ব,  দাস্য নিবেদন,
 ভকতি নৱ লক্ষণ॥৭২৮
গুণৰ ভেদত,  বহুবিধ হোৱে,
 শ্ৰবণকীৰ্ত্তনচয়।
একবিধ মাত্ৰ,  নিৰ্গুণ ভকতি,
 কহিছস্ত কৃপাময়॥ ৭২৯

কীৰ্ত্তন।

ঘোষা।

হৰি ৰাম নাৰায়ণ নাৰায়ণ হৰি।
শৰণ পশিলোঁ তজু লয়ো দাস কৰি॥

পদ।

জয় জয় ভগৱন্ত কৃষ্ণ কৃপাময়।
তোমাৰ একান্ত সন্তে মায়াক নাশয়॥ ৭৩০