পৃষ্ঠা:ঘোষাৰত্ন.djvu/১৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১২৩ )


নাম লীলা ৰূপভেদ,   ভকতে স্মৰণ কৰে,
  স্মৰণ হোবয় তিনি বিধ।
ত্ৰিবিধ স্মৰণ কৰি,   জীবে সংসাৰক তৰি,
  স্বৰূপ লভিয়া হৱে সিদ্ধ॥৬৪৯
নাৰদে বোলন্ত নাম,   গাঞো সদা অনুপাম,
  কৃষ্ণলীলা স্মৰি কদাচিত।
পৰ্য্যটো আনন্দ কৰি,   মনে স্পৃহা পৰিহৰি,
  কৃষ্ণৰ চৰণে দিয়া চিত॥৬৫০
কৃষ্ণৰ নামক ধৰি,   কৃষ্ণ লীলা সদা স্মৰি,
  বায়ুৰ সদৃশ ফুৰো আমি।
কৃষ্ণ নামে মোৰ প্ৰাণ,   গৌতম জানিব নিষ্ঠে,
  কৃষ্ণ দেব মোৰ অন্তৰ্য্যামি॥৬৫১

ৰূপ স্মৰণ।

হৃদয়ত একবাৰ,   যাহাৰ প্ৰতিমা স্মৰি,
  ভাগবতি গতি পাৱে নৰে।
ই পুনু আশ্চৰ্য্য নুই,   অঘাসুৰে মুক্তি পাইলে,
  পূৰ্ণ কৃষ্ণ যাহাৰ উদৰে॥৬৫২
মৃত্যুকালে ক্ষণমাত্ৰ,   যাত মন দিয়া জীবে,
 পবিত্ৰ হোৱয় আতিশয়।