পৃষ্ঠা:ঘোষাৰত্ন.djvu/১৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৩৬ )


ফলৰূপ দাস্য।

লেচাড়ি।

উদ্ধৱ কৃষ্ণৰ নিজদাস,  তানে দাস্য ভাবে অভিলাষ,
 কৃষ্ণক বোলন্ত চৰণে কৰিয়া সেৱ।
তজু অৱশেষ গন্ধপুষ্প,  বস্ত্ৰ অলঙ্কাৰ শ্ৰেষ্ঠতৰ,
 উপভোগ কৰি মায়া তৰিবো দেৱ॥ ৭১০
কৃষ্ণক দেখিয়া পত্নীচয়,  অবহিত মনে সাদৰয়,
 আসনে বসায়া পাদপদ্ম পখালন্ত।
তাম্বুল চন্দন গন্ধপুষ্প,  নিজ হাতে দেন্ত সাদৰিয়া,
 যদ্যপি সঙ্গতে দাসী আছে অপৰ্য্যন্ত॥ ৭১১

সাধন-দাস্য।

লেচাড়ি।

কায়বাক্য মনবুদ্ধি চিত্তে,  যিতো নৰে কৰ্ম্ম কৰে নিতে,
 স্বভাৱত থাকি লৌকিক যিতো কৰয়।
পৰম পুৰুষ নাৰায়ণে,  সবে নিবেদোক সাৱধানে,
 নাৰায়ণ বুলি লৌকিক বৈদিকচয়॥৭১২
শুনিয়ো অৰ্জ্জুন সখি তুমি,  তোমাত ৰহস্য কহোঁ আমি,
 যিতো কৰ্ম্ম কৰা যি কিছো কৰা ভোজন।