পৃষ্ঠা:ঘোষাৰত্ন.djvu/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫৬)

জ্ঞান কৰ্ম্ম পৰিহৰা,   কেবল নামক ধৰা,
মিশ্ৰ গোপালে ভণে,   হৰি বোলাঁ সৰ্ব্বজনে॥২৫৩

⸻⸻

নামৰ উৎকৰিষা।

সমস্ত ধৰ্ম্মত কৰি,   হৰিৰ কীৰ্ত্তনে শ্ৰেষ্ঠ,
  নাৰদে কহিলা ব্যাস আগে।
বোধৰ কাৰণে তান,   নাম কৈলা বিদ্যমান,
  মানিলন্ত ব্যাস মহাভাগে॥২৫৪
কলি যুগ দোষ নিধি   ধ্যানাদিৰ নাহি সিদ্ধি,
  আছে এক মহা গুণ আৰ।
কৃষ্ণৰ কীৰ্ত্তনে মাত্ৰ,   মায়া বন্ধ দূৰ কৰি,
  কৃষ্ণক পাৱয় সাৰে সাৰ॥২৫৫
কলিৰ গুণক জানে,   যিতো মহাজন সবে,
  তাৰা কলিযুগ প্ৰশংসয়।
যাত সংকীৰ্ত্তন কৰি,   সমস্ত স্বাৰ্থক পাৱে,
  হৰি ভক্তি মুকুতি পাৱয়॥ ২৫৬
সত্য যুগে ধ্যান কৰি,   ত্ৰেতাত যজিয়া হৰি,
  দ্বাপৰত পূজি ভগৱন্ত।
ভকতে যি ফল পাৱে,   কলিত কীৰ্ত্তনে মাত্ৰ,
  সিতো ফল ভকতে লভন্ত॥ ২৫৭