পৃষ্ঠা:ঘোষাৰত্ন.djvu/১৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৩৫ )

মুকুন্দক নমস্কাৰ,  যিতো নৰে নকৰয়,
 তাৰ শিৰ কেৱলে বিফল।
মুকুট কুণ্ডলে যদি,  বিভূষিত হোৱে শিৰ,
 বোলে তাক মহন্ত সকল॥ ৭৫
ভগবন্ত ভক্তচয়,  নাম শাস্ত্ৰে প্ৰকাশয়,
 তাসম্বাক দেখি যিতো নৰে।
নমস্কাৰ নকৰয়,  তাৰো জন্ম ব্যৰ্থ হয়,
 পৰজন্মে নৰকত পৰে॥ ৭০৬
আজস্ম পৰ্য্যন্ত যিতো,  স্বধৰ্ম্ম আচৰি থাকে,
 তাকো নাশ কৰে একবাৰে।
যিতো নৰে এক হস্তে,  বিষ্ণু বৈষ্ণৱক নমে,
 পৰলোকে নৰক নসাৰে ॥৭০৭
পৃথিবী জানিবা তুমি,  বসনে আবৃত হুয়া,
 দণ্ডৱত আমাক কৰয়।
শ্বেত কুষ্ঠে যুক্ত হুই  সাত জন্ম ফুৰিবেক,
 মুখ হুইবে কহিলু নিশ্চয়॥ ৭০৮
যত যত পাপচয়,  জন্মান্তৰে কৰিছয়,
 মনুষ্য শৰীৰ নৰে পাই।
পদে পদে প্ৰদক্ষিণ  পূৰ্ব্ব পাপো হৱে নাশ,
 পুণ্যচয় বাঢ়ে সমুদাই॥৭০৯