সমললৈ যাওক

পৃষ্ঠা:ঘোষাৰত্ন.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫)

যেন হস্তী গাৱে তেল কুৰ,  কুণ্ডত নামিয়া দেই বুৰ,
 স্নানি পুনৰপি ধূলী গাৱে সিঞ্চৰয়॥ ১৭
যদি বোলাঁ গুৰু পুত্ৰচয়,  তাঙ্ক পিতা বুলি বখানয়,
 শিষ্য সবে কেনে ঈশ্বৰ বুলি মানিব।
ইতো শঙ্কাচয় দূৰে থৈয়া,  গুৰুক ঈশ্বৰ মনে লৈয়া,
 পুত্ৰ পত্নী সম শিষ্য সবে নেদেখিব॥ ১৮
যেমন কৃষ্ণক কামদেৱ,  পিতৃ বুদ্ধি মাত্ৰ কৰে সেৱ
 নাৰদে বোলন্ত কৃষ্ণ মাত্ৰ মোৰ দেৱ।
সেহিমতে শিষ্যে মানিবেক,  পুত্ৰপত্নী মত তেজিৰেক
 গুৰুক ঈশ্বৰ মানিয়া কৰিব সেৱ॥ ১৯

ঈশ্বৰ স্বৰূপ গুৰু নিৰ্ণয়।

কৃপাৰসে পৰিপূৰ্ণ হৰি,  দেৱ দামোদৰ মূৰ্ত্তি ধৰি
 পুনু সন্তৰূপে আপুনি ভৈলা বিদিত।
পূৰ্ণ কৃষ্ণনাম সদা গাই,  শ্ৰৱণ সুখক প্ৰবৰ্ত্তাই
 সমস্ত জীবৰ সাধিলন্ত মহাহিত॥২০
কৃষ্ণমূৰ্ত্তি বৈকুণ্ঠত থৈয়া,  নিৰ্ম্মল গৌৰাঙ্গ তনু লৈয়া
 কৃষ্ণে দামোদৰ নামক আচন্ত ধৰি।
পুনু যশ ৰস পান মনে,  বিপ্ৰ তনু ধৰি বিদ্যমানে
 নিজ যশ ৰস সুনিলন্ত স্মৰি স্মৰি॥২১