পৃষ্ঠা:ঘোষাৰত্ন.djvu/১৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১২১ )


বিশ্বাস ভেদত পুৰুষৰ,   চাৰি বিধ হৱে শ্ৰেষ্ঠতৰ,
 কোননু ভকতি জীবৰ নসাধে হিত॥৬৪২

নামৰ কীৰ্ত্তন।
⸻⸻
লেচাড়ি।

অগ্নি পুৰাণত কৃষ্ণনাম,   কীৰ্ত্তনৰ ফল এহি মান,
  পৃথিবী তলত যতেক তীৰ্থ আছয়।
কৃষ্ণ নাম কীৰ্ত্তনৰ তুল,   সমস্ত তীৰ্থৰো নুহি জল,
  এতেকেসে নাম শ্ৰেষ্ঠতম আতিশয়॥৬৪৩

স্তুতিৰ কীৰ্ত্তন।

ভগৱন্ত স্তুতি কীৰ্ত্তনৰ,   আন ধৰ্ম্ম নোহে সমসৰ,
  সমস্ত ধৰ্ম্মতে ইতো ধৰ্ম্ম শ্ৰেষ্ঠতৰ।
পুণ্ডৰিকাক্ষক যিতোজনে,   ভকতি পূৰ্ব্বকে স্তুতি কৰে,
  সিতো মহাজনে জগতৰে পাপ হৰে॥৬৪৪

কথাৰ কীৰ্ত্তন।

একান্ত শৰণে যিতো জনে,   কথাক শুনয় সৰ্ব্বক্ষণে,
  কিবা প্ৰহৰেক ক্ষণ মাত্ৰ কথা কয়।