পৃষ্ঠা:ঘোষাৰত্ন.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১২)

সত্ব গুণে বিষ্ণু,  জগতকে পালা,
 আপুনি হুয়া প্ৰবেশ।
তমো গুণে হৰে,  সমস্ত সংহৰা,
 নথাকয় লৱলেশ॥৪৯
যাতো নৰ হয়, এতেক প্ৰপঞ্চ,
 জানিবা মিচা প্ৰত্যেক।
তথাপি ঈশ্বৰ,  প্ৰকাশ লভিয়া,
 প্ৰকাশ অতিৰেক॥৫০
হেন ঈশ্বৰক,  সদা ধ্যান কৰোঁ,
 নাৰদৰ কৃপা পাই।
আবেসে জানিলে,  ঈশ্বৰত বিনা,
 সত্য বস্তু আন নাই॥৫১
অসত্য জগত,  সত্যৰ সকাশে,
 প্ৰকাশে জানা সদাই।
ইহাৰ দৃষ্টান্ত, সুনা শিষ্যচয়,
 তোৰাত কহোঁ বুজাই॥ ৫২
মধ্যাহ্ণ সময়ে, সূৰ্য্যৰ প্ৰকাশ,
 বালিত লাগি আছয়।
জলময় দেখি, জলবুদ্ধি অজ্ঞে,
 পানক মনে ধাৱয়॥৫৩