সমললৈ যাওক

পৃষ্ঠা:ঘোষাৰত্ন.djvu/১৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৪১ )

অম্বাৰষ নামে আছিলন্ত ৰাজঋষি।
সপ্তদ্বীপাৱতী মহা পালিলা হৰিষি॥
অবিনাশী সম্পদ লভিয়া মহাশয়।
স্বপ্নৰ সদৃশ কৰি মানিলা নিশ্চয়॥৭৩১
অন্য পুৰুষৰ ইতো দুল্লভ পৰম।
যাহাক বাঞ্চিয়া তপ কৰে নিৰুপম॥
অম্বৰিষে মানিলন্ত সম্পদ বিনাশী।
যাহাৰ কাৰণে সংসাৰক পাৱে আসি॥৭৩২
ভগবন্ত বাসুদেবে লভিলা ভকতি।
তাহান একান্ত সন্তে মানিলন্ত ৰতি॥
কামনা কৰিয়া ৰাজা ভোগ নকৰন্ত।
যিহেতু বিষয়ে লঙ্ঘিবাক নপাৰন্ত॥৭৩৩
এহিমতে নৱ বিধ কৰিলা ভকতি।
সমস্তৰে ফল লৈলা সন্তৰ সঙ্গতি।
শুনা সভাসদ ইতো কৃষ্ণৰ কীৰ্ত্তন।
অম্বৰিষ চৰিত্ৰত সবে দিয়া মন॥৭৩৪
নৱ বিধ ভক্তি কৰি সঙ্গতি সন্তৰ।
প্ৰাৰ্থিলন্ত অম্বৰিষে অভিমত বৰ।
হেন জানি সন্তৰ সঙ্গতি কৰা ৰতি।
হৰি হৰি ঘুষি সাধা আপুনাৰ হিত॥৭৩৫