পৃষ্ঠা:ঘোষাৰত্ন.djvu/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৬০)

কন্যাৰ অজুত কৰে দান, কোটী তীৰ্থে কৰে যিতো স্নান,
 হৰিৰ নামৰ নুহিকে আৰা সমান॥২৭১
পদ্মপুৰাণত বিদ্যমান,   সমস্তে তীৰ্থত কৰি স্নান,
  সমস্তে যজ্ঞক যজিয়া যি ফল পাৱে।
তাৰো কৌটী গুণ পাৱে ফল,   ৰাম নাম বুলি নিৰিমল,
  শৰণ পূৰ্ব্বকে যিহেতু নামক গাৱে॥২৭২
চাৰি বেদ পঢ়ে যিতো জন,   সৰ্ব্ব মন্ত্ৰ জপে অনুক্ষণ,
  তাহাৰ যতেক শাস্ত্ৰত কহয় ফল।
তাতো কৌটী গুণ ৰাম নাম,   পাৰ্ব্বতী জানিবা অনুপাম,
  হেনয় অদ্ভূত নামৰ আছয় বল॥২৭৩
সমস্ত তীৰ্থৰ জল আনি,   তৰ্জ্জুত ভৰায়া জানি জানি,
  প্ৰয়াগৰ জল থৈবাহা তাহাত ভৰি।
বিষ্ণুৰ নামৰ সহস্ৰৰ,   ভাগেকৰ নহে পটন্তৰ,
  তাৰো সবো নামকণাৰো নভৈলা সৰি॥২৭৪
প্ৰসিদ্ধ যতেক গুণচয়,   হৰিৰ নামৰ সম নয়,
 কৌটী ভাগেকৰ ভাগৰো নুহি সমান।
এতেকেহে নাম গুৰুতৰ,   পাপ নাশ কৰে নিৰন্তৰ,
 নামৰ সমান পবিত্ৰ নুহিকে আন॥২৭৫
পূৰ্ব্বত গঙ্গাদি তীৰ্থচয়,   সমস্তে পাতেক কৈলা ক্ষয়,
 যদুকুলে কৃষ্ণে নলভিলা জন্ম যাৱে।