সমললৈ যাওক

পৃষ্ঠা:ঘোষাৰত্ন.djvu/১৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৪৬ )

ইহাক ভুঞ্জিলে,  ব্ৰত ৰক্ষা হৈব,
 ঋষি নহে উলঙ্ঘনা।৭৫৬
জলৰ গণ্ডুষ,   পান কৰি ৰাজা,
 বিপ্ৰৰ আজ্ঞাক পাই।
ঋষি সমস্তৰ,  অনুমতি লৈয়া
 দুৰ্ব্বাসাক আছা চাই॥৭৫৭
সেই সময়ত,   আসিলা দুৰ্ব্বাসা,
 কালিন্দীত কৰি স্নান।
সাদৰিয়া ৰাজা, চৰণে নমিয়া,
 কৰি তাঙ্ক বহুমান॥৭৫৮
ৰাজাৰ শ্ৰেষ্টাক,  জানিয়া দুৰ্ব্বাসা,
 কম্পাইবে লাগিলা গাৱ।
একে ক্ষুধাতুৰ,   কোপৰ বেগত,
 ভূমিত নেদন্ত পাৱ॥৭
দেখা ঋষি সব, ইহাৰ মহিমা,
 ইতো ক্ৰুৰ দুৰাশয়।
নিমন্ত্ৰণ কৰি, মোক নুভুঞ্জায়া,
 আপুনি খায়া আছয়॥৭৬০
দেখা মোৰ বল,  সদ্যে দেওঁ ফল,
 ইহাক কৰোঁ সংহাৰ।