সমললৈ যাওক

পৃষ্ঠা:ঘোষাৰত্ন.djvu/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(১০৬)

তজু সেবা পৰিহৰি,   মায়াৰ সঙ্গতি ধৰি,
  জীবে সংসাৰত পাৱে তাপ॥৫৭৯
তজু অংশ হোৱে নষ্ট,  ইতো প্ৰভু বৰ কষ্ট,
  কেমনে চাহিয়া থাকা ৰঙ্গ।
তৰোক সংসাৰ ঘোৰ,   দেখি দুখ লাগে মোৰ
  তোমাৰ দাসৰ দিয়া সঙ্গ॥৫৮০
তোমাৰ দাসৰ বল,  জানে তাৰিবাৰ ছল,
 জীবক আনিয়া বোধ দেই।
দেখাৱে ভকতি সুখ,  হৰাৱে সংসাৰ দুখ,
 পাচে আপুনাৰ সঙ্গ নেই॥৫৮১
তাসম্বাৰ সঙ্গে তজু,  কথামৃত সাগৰত,
 শ্ৰবণ ৰসত বুৰ দেই।
ধৰ্ম্ম অৰ্থ কাম মোক্ষ, তৃণ কৰি নমানই,
 ভক্তি সুখে সদা কাল নেই॥৫৮২

লেচাড়ি।

কৃপাৰসে পৰিপূৰ্ণ হৰি,  দেব দামোদৰ মুত্তি ধৰি
 পুনু সন্তৰূপে আপুনি ভৈলা বিদিত।
পূৰ্ণ কৃষ্ণ নাম সদা গাই,  শ্ৰবণ সুখক প্ৰবৰ্ত্তাই,
 সমস্ত জীবৰ সাধিলন্ত মহা হিত॥৫৮৩