সমললৈ যাওক

পৃষ্ঠা:ঘোষাৰত্ন.djvu/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৯২)

গোপীনাথ গদাধৰ, মুকুন্দ মুৰাৰি হৰি,
 অনন্ত বামন চক্ৰপাণি।
ইবাৰ এৰিলে মোক,  পতিত পাবন নাম,
 নধৰিবো নাম হুইবে হানি॥৪১৬
নমো কৃষ্ণ কৃপাময়,   হৰিয়ো সংসাৰ ভয়,
 হৃদয়তে যেন পাঞো লাগ।
তুমি মুকুতিৰ পতি, একান্ত সন্তৰ গতি,
 মোক সেবা দিয়া মহাভাগ॥৪১৭

প্ৰাৰ্থনা।

ঘোষা।

হৰি এ নাৰায়ণ গোপাল গোবিন্দ।
হৃদয় কমলে থাপা পদ অৰবিন্দ।

পদ।

কৃষ্ণ ৰাম ৰাম কৃষ্ণ কৃষ্ণ মহামন্ত্ৰ।
কলি যুগে ছন্ন ভৈলা তপ জপ যন্ত্ৰ॥৪১৮
কৃম নাম ভকতৰ পৰম সৰ্ব্বস্ব।
মুকুতিকো ঠেলিয়া কৃষ্ণক কৰে বশ॥
কৃষ্ণ নাম শুনিয়া পলাৱে কলি পাপ।
নামৰ বলত হৃদয়তে পাৱে লাগ॥৪১৯
কৃষ্ণ নাম শুনিয়া ফুৰন্ত হৰি পাছে।
মুকুতিক ঠেলিয়া ভকতে, আসে কাষে।