পৃষ্ঠা:ঘোষাৰত্ন.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
॥৹

 “পাচে কপিল মুনিক, শ্ৰীকৃষ্ণক, কৃষ্ণদেৱক, ভগৱানক, নাৰায়ণ মিশ্ৰক, বংশীগোপালক, আধাৰ যদুমণিক, শঙ্কৰ্ষণক, গোপাল মিশ্ৰক, সৰু গোপালক, ভাগৱত মিশ্ৰক, সনাতন দেৱক, শৰণ কৰাই চাৰি নাম দি শৰণ-পটলক্ৰমে শিষ্য ভজাইবে দিলা।”

 ৺গোপাল মিশ্ৰ সম্বন্ধে নীলকণ্ঠ দাসে যি লিখি গৈছে সন্তচৰিত্ৰৰ লেখক ৺ৰামৰায় দাসেও তাক সমৰ্থন কৰিছে; যেনে,

“কবিৰত্ন বৰ,   অতি শান্ত ধীৰ,
  আসিয়া বৰ পেটাক।
সত্ৰ ৰাখিলন্ত,   মেধীয়ো হৈলন্ত,
  পালিয়া প্ৰভু আজ্ঞাক॥
 * * * *
খুদিয়াৰ কবি-  ৰত্ন সমন্বিতে,
  সখী হৈলা দুহান্তৰ।
দুয়ো দামোদৰ   দেৱৰ তনয়,
  যেন এক কলেৱৰ॥৯০৭
অন্যে অন্যে দুই   দুইকো নাম দিল,
  পিন্ধাই বস্ত্ৰ ভূষণ।
গোপাল যে মিশ্ৰ   নাম খ্যাত হৈল,
  অনেকে লৈলা শৰণ॥
ভাগৱত ভট্টা-  চাৰ্য্য নাম দিলা,
  গোপাল মিশ্ৰে হৰিষে।
যাৰ যশ ৰাশী   পৃথিবী মণ্ডলে,
  ব্যাপি ৰৈলা দশোদিশে।”৯০৮