পৃষ্ঠা:ঘোষাৰত্ন.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৭)

ইতো শাস্ত্ৰ সত্য বস্তু কৱে, তিনি তাপ নিয়া দূৰে থৱে,
 নামত শ্ৰীমন্ত ভাগৱত নিৰুপম।
আক শুনিবাক যিতো চাৱে, হৃদয়ে ঈশ্বৰ লগ পাৱে
 আন কোন ধৰ্ম্ম হইবেক ইহাৰ সম॥১২৩

⸻⸻

শাস্ত্ৰ-নিৰ্ণয়।

চাৰি বেদ ভৈলা কল্পতৰু,  ভাগৱত ভৈলা ফল গুৰু,
 শুক মুখ লাগি ভূমিত আছে পৰিয়া।
অমৃত সমান স্বাদ ফল,  সিঠা চাল নাহি নিৰিমল,
 ব্ৰহ্মানন্দ ৰসে আছয় সদা ভৰিয়া। ১২৪
ৰসত চতুৰ যিতো জন,  ফল পান কৰা দিয়া মন,
 ৰসময় ফল আসে বৈকুণ্ঠৰ পৰা।
শষ্য সবে ভেলা শাখাচয,  তাতে ফল লাগি নভাগয়,
 মোক্ষকো লভিবা ইতো ফল পান কৰা॥১২৫
একে শাস্ত্ৰমাত্ৰ সাৰ ভৈলা,  দৈৱকীতনয়ে যাক কৈলা,
 এক দেৱ মাত্ৰ দৈৱকীদেবী কুমাৰ।
কৰ্ম্ম এক মাত্ৰ সত্য হয়  তাহান সেবাক শাস্ত্ৰে কয়
 মন্ত্ৰো একমাত্ৰ কৃষ্ণ নাম সাৰে সাৰ॥১২৬

⸻⸻