পৃষ্ঠা:ঘোষাৰত্ন.djvu/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫২)

অনুকূল বায়ু ভৈলোঁ মঞি,  তথাপিতো যিতো নতৰই,
 মহা পাপে যুক্ত আত্মঘাতী সিতো নৰ॥২৩৪
নিঃশেষ জন্মৰ অবসানে, শত কোটি গৈলা বিদ্যমানে,
 মনুষ্য শৰীৰ জীৱে সংসাৰত পাৱে।
তাহাতো দুৰ্ল্লভ বিপ্ৰতনু, তাক নপালয় যিতো পুনু,
 হাতৰ অমৃত তেজয় নাম নগাৱে॥২৩৫

⸻⸻

নামৰ মহিমা।

⸻⸻

লেচাড়ি।

পদ্মপুৰাণত কহিচয়,   নামে সাত কাৰ্য্য সাধিবয়,
 প্ৰথমতে নামে দহয় পাতেক চয়।
পুণ্যৰো কৰয় অভ্যুদয়, স্বৰ্গে বিৰকতি মিলায়,
 গুৰুপাদপদ্মে অখণ্ড ভক্তি কৰয়॥২৩৬
নামে সত্য জ্ঞান উপজাৱে, যি জনে কৃষ্ণৰ নাম গাৱে,
 বেদে কৰ্ম্মফল সত্য বুলি সদা কন্ত।
ইতো ভ্ৰান্তি বুদ্ধি নাম কৱে, সম্পূৰ্ণ আনন্দ কৃষ্ণে থৱে,
 তথাপি ভকতে নামক সদা নেৰন্ত॥২৩৭
বিপ্ৰৰ সুৰৰ্ণ যিত হৰে, বিপ্ৰ হুয়া সুৰা পান কৰে,
 বিপ্ৰদ্ৰোহী আৰো ব্ৰাহ্মণক মাৰিচয়।