পৃষ্ঠা:ঘোষাৰত্ন.djvu/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সেবা যোগ্য ইতো গোবিন্দৰ,   আমি নহো আৰ পটন্তৰ,
 স্বৰ্গ ভোগ তেজি আকে থাকোঁ মাত্ৰ গুণি॥২৩০
কি কাৰ্য্য সাধিলোঁ যজ্ঞ কৰি, গোবিন্দৰ নাম পৰিহৰি,
 স্বৰ্গক আসিয়া লভিলোহোঁ কিবা সুখ।
যাত গোবিন্দৰ পাদ পদ্ম, স্মৰণৰ হৱে আতি ছদ্ম,
 ভকতি বৰ্জিত সুখো জানা মহাদুখ॥২৩১
বৈকুণ্ঠৰ কথামৃত নদী, বহে সদা ব্ৰহ্মাক ভেদি,
 স্বৰ্গতে বহন্তে নকৰিলে আমি পান।
যজ্ঞেশ্বৰ যাত নুপূজয়, জয় জয় কৃষ্ণ নুচ্চাৰয়,
 ইন্দ্ৰলোক হন্তে পূজ্য নোহে ইতে। থান॥২৩২
যদি স্বৰ্গসুখ আছে শেষ, পুণ্যৰো আছয় লয়লেশ,
 সিতো পুণ্যে জন্ম ভাৰতে হৌক আমাৰ॥
যাহাত জন্মিলে ভগৱন্তু, ভক্তৰ কুশল সাধিবন্ত,
 আমিয়ো ভকতি কৰিবোহোঁ সাৰে সাৰ॥২৩৩


নৰতনুৰ প্ৰশংসা।
⸻⸻
লেচাড়ি।

সংসাৰ সাগৰে নৰকাই,   নৌকা প্ৰায় ভৈলা সমুদাই,
 তাহাৰ কাণ্ডাৰি ভৈলা গুৰু দৃঢ়তৰ।