পৃষ্ঠা:ঘোষাৰত্ন.djvu/১৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৫৫)

ভক্তৰ জীৱন,  হৰি তৈতে থাকা,
 যৈত গুণ গাৱে সদা॥ ৮০০
ভকতে জীৱন,  ভকতে সে প্ৰাণ,
 ভকতে কৃষ্ণৰ ধন।
কায়বাক্য মনে, ভকতক চিন্তি,
 থাকা হৰি অনুক্ষণ॥ ৮০১
এতেক ভক্তৰ,  দ্ৰোহী যিতো জন,
 হৰিৰো পৰম দ্ৰোহী।
ভাগৱত শাস্ত্ৰ, পূৰ্ব্বাপৰ চাৱা,
 আপুনিয়ো বিমৰষি॥ ৮০২
নমো নমো হৰি,  লৈয়ো দাস কৰি,
 ভকতৰ সঙ্গ দিয়া।
যেন তাসম্বাৰ,  নাচৰোঁহো দ্ৰোহ,
 থাকিবো আজ্ঞা পালিয়া॥ ৮০৩
মঞি মহাপাপ,  লভো মহাতাপ,
 সংসাৰ গৰ্ত্তৰ পৰি।
হৃদয়ত থাপো, অৰুণ চৰণ,
 থাকোহো দুখ পাসৰি॥ ৮০৪
সভাসদ লোক,  কৃপা কৰা মোক,
 পূৰা মোৰ মন কাম।