পৃষ্ঠা:ঘোষাৰত্ন.djvu/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৃষ্ণ বিনা নাহি গতি,   ভৈলেক স্বভাব ৰতি,
  অসুৰকুলৰ তাৰিলন্ত॥৪৩৮
কৃষ্ণ বিনা নাহি আন,  কৃষ্ণ ভৈলা তান প্ৰাণ,
  নৃসিংহ বুলিয়া উচ্চাৰয়।
অসুৰকুলত ইতো,   প্ৰহ্লাদৰ মহিমাক,
  স্বৰ্গে থাকি দেৱে বখানয়॥৪৩৯
দেখা দুৰ্ব্বাসনা বল,  সমুলঞ্চে নেই তল,
  বৈকুণ্ঠৰ হন্তে কৰে পাত।
সন্তৰ আচৰি পাপ,   বিজয় অপৰ জয়,
  ভকতিৰ কৰিলা বিঘাত॥৪৪০
তিনি জন্ম অনন্তৰে,  ভকতিৰ খেদ বলে,
  পুনুৰপি লভিলা স্বরূপ।
সন্তৰ কৃপাত তবে,  বিদ্বেষত বৈকুণ্ঠ,
 হন্তে সিতো পাৰে ভৰ-কুপ॥৪৪১

ঘোষা। হৰি ৰাম কৃষ্ণ ৰাম গোবিন্দ হৰি।

পদ।

কৃষ্ণ ৰাম নাৰায়ণ,  কৃষ্ণ ৰাম কৃষ্ণ ৰাম,
  কৃষ্ণ ৰাম নাৰায়ণ হৰি।
তুমি প্ৰভু দয়াময়,  হৰিয়ো সংসাৰ ভয়,
থাকো তজু চৰণত ধৰি॥৪৪২