পৃষ্ঠা:ঘোষাৰত্ন.djvu/১৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১১৯)

মহাপাপে যুক্ত হুয়া,   নামৰ শ্ৰবণ কৰি,
  সমস্ত পাপক কৰে ক্ষয়।
সিয়ো বৈকুণ্ঠক পাৱে,   হৰিক যি জনে গাৱে,
  তাৰ মোক্ষ আশ্চৰ্য্য নোহয়॥৬৩৪
কল্প কোটী শতেকৰ,   পাপ ক্ষয় হোৱে যাৰ,
  সিতো জনে শুনে কৃষ্ণ কথা।
নৰেন্দ্ৰ আশ্চৰ্য্য নুই,   পাতকী নুশুনে কথা,
  কেবলে জম্মক কৰে বৃথা॥৬৩৫
যিতো মনুষ্যৰ কৰ্ণে,   কৃষ্ণ কথা নুশুনয়ী,
  তাৰ কৰ্ণ বৃথা গৰ্ত্ত প্ৰায়।
যাহাৰ জিহ্বাযে নাম,   নগাৱন্ত তাৰ জিহ্বা,
  ভেকীৰ সদৃশ সমুদায়॥৬৩৬
ভগৱন্ত দেবতাৰ,   নুশুনয় গুণ যিতো,
  সিতো নৰবধীৰ পৰম।
পৰম অজ্ঞানী সিতো,   সৰ্ব্বধৰ্ম্ম বিবৰ্জ্জিত,
  আন পাপী নাহি তাক সম॥৬৩৭