পৃষ্ঠা:ঘোষাৰত্ন.djvu/১৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১২৪ )


কৰ্ম্মবন্ধ পৰিহৰি,   নিজ স্বৰূপক ধৰি,
  পৰম্পদ লভিয়া ৰহয়॥৬৫৩
যিতো নৰে নাৰায়ণ   স্মৰে মনে অনুক্ষণ,
  তাৰ দান তীৰ্থে কোন কাৰ্য্য।
তপো তাক নলাগয়,   জ্ঞানে কোন কাৰ্য্য হয়,
  হৰি স্মৰি যাতো ভৈলা আৰ্য্য॥৬৫৪
গঙ্গা স্নান সহস্ৰত,   যিতো পাপ হোৱে হত,
  কোটীবাৰ পুষ্কৰ স্নানত।
একান্ত বিশ্বাস কৰি,   যিতো নৰে বোলে হৰি,
  সিতো সবে পাপ হৱে হত॥৬৫৫
কলিযুগে সত্যযুগ,   তাহাৰ হোৱয় জানা,
  গোবিন্দ যাহাৰ হৃদয়ত।
সত্যযুগে কলিযুগ,   যাৰ মনে হৰি নাই,
  আক জানি স্মৰিও সতত॥৬৫৬
পূৰ্ব্বে ব্যাসে শাস্ত্ৰ চায়া,   বাৰম্বাৰ বিচাৰিয়া,
  এহি মানে কৰিলা নিশ্চয়।
তেজি বিষয়ৰ ভোগ,   নাৰায়ণ ধ্যান যোগ,
  যাক স্মৰি ভকতি লভয়॥৬৫৭
স্মৰোক বিষ্ণুক সদা,   নকৰোক বিস্মাৰণ,
  কদাচিতো বিচক্ষণ নৰে।