পৃষ্ঠা:ঘোষাৰত্ন.djvu/১৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৫০ )

চৰণে পৰিয়া,  বিনাবে লাগিলা,
 ৰাখা অগতিৰ গতি॥৭৭৬
নোমাত বিনায়ে,  তিনিয়ো জগতে,
 ৰাখন্তা নাহিকে আন।
তযু চক্ৰে মোক,  পুৰি মাৰে হৰি,
 কৰিয়োক পৰিত্ৰাণ॥৭৭৭
শুনা সভাসদ, নাচৰিবা দ্ৰোহ,
 ভক্তৰ কিঞ্চিতো মাত্ৰ।
ভক্তৰ দ্ৰোহীক,  ব্ৰহ্মা শিব আদি,
 নুহিকে ৰক্ষাৰ পাত্ৰ॥৭৭৮
হেন জানি সবে,  ভক্তক সৎকাৰ,
 কৰা কায়বাক্যমনে।
সন্তৰ চৰণ, ৰেণু ধৰি শিৰে,
 হৰি বোলা ঘনে ঘনে॥৭৭৯

ঘোষা।—

ভকতবৎসল ভগৱন্ত,
 দাসৰ হৈয়া অধীন।
ভক্তৰ মহিমা দেখায়া লোকত,
 আপুনাক কৰা হীন॥৭৮০