পৃষ্ঠা:ঘোষাৰত্ন.djvu/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৮৫ )

ৰাগ কৌৰ।

উপদেশ।


ঘোষা। ঐ প্ৰভু হৰি হৰি,  ৰাম কৃষ্ণ বোল ভাই,
 ৰাম কৃষ্ণ বোল।
 ৰাম কৃষ্ণ বুলিয়া পাপৰ আলু তোল॥
পদ। কৃষ্ণ ৰাম বোল মন ভাব কৃষ্ণ ৰাম।
 কৃষ্ণ ৰাম মহা মন্ত্ৰ সৰ্ব্ব সুখ ধাম॥
 কলি যুগে কৃষ্ণ পূৰ্ণ পূৰ্ণ কৃষ্ণ নাম।
 অ'লাস তেজিয়া মন বোল অবিশ্ৰাম॥৩৮৭
 আৰ কি লভিবা ইতো পুনু নৰকাই।
 দেবো খেদ কৰি আক প্ৰশংসে সদাই॥
 নাম মহাৰত্ন দেহ পেৰা আছে ভৰি।
 তথাপি দৰিদ্ৰ নৰ কিনু কৈলা হৰি॥৩৮৮
 কিন্তু মায়া পাতি আছা গোপাল গোবিন্দ।
 নজয় জীবে তজু পদ অৰবিন্দ॥
 ইবাৰ নেৰিবা মোক তুমি দীনবন্ধু।
 যদি কৃপা কৰা তেৰে তৰো ভবসিন্ধু॥৩৮৯
 কলি মোৰ ধৰ্ম্ম কৰ্ম্ম কৰিলা বিনাশ।
 কেবলে তোমাৰ নামে কৰি আছো আশ॥