পৃষ্ঠা:ঘোষাৰত্ন.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৭)

দেৱ দামোদৰ কৃপাময়,  কলিত জীৱৰ দেখি ভয়,
 শ্ৰৱণ কীৰ্ত্তন স্মৰণ বিস্তাৰ কৰি।
কেবল ভকতি দেখাই থৈলা,  বুদ্ধিমন্ত সাধু তাকে লৈলা
 নিজ যশ প্ৰভু শুনিলন্ত কৰ্ণ ভৰি॥২৭
দেৱ দামোদৰ শুদ্ধ মত,  কহিলস্ত লোকে অবিৰত
 যাৰ মত মানি পণ্ডিত ব্ৰাহ্মণচয়।
কৃষ্ণ পাদ যে ভজিলন্ত,  স্থানে স্থানে সত্ৰ পাতিলন্ত,
 যাহাৰ যশস্যা ব্ৰহ্মাণ্ড ভেদি বহয়॥২৮
হেনয় বন্ধুক পায়া পাপ,  নতোৰিলু ইতো ভব তাপ
 অনন্ত জন্মৰ দুৰ্ব্বাসনা আছে মোৰ।
তথাপিতো তুমি দয়াময়,  হৰা ইতো মোৰ ভৱ ভয়,
 মোৰ ধন হৰে মন ইতো বৰ চোৰ॥২৯
তুমি জগতৰ নিজ বন্ধু,  যি হেতু নিস্তাৰা ভবসিন্ধু
 তোমাৰ চৰণে শৰণ পসিলোঁ দেৱ।
ইবাৰ নেড়িবা মোক স্বামী,  তযু পাদ পদ্মে সত্যে আমি,
 শৰণ পূৰ্ব্বকে কোটী কোটী কৰোঁ সেৱ॥৩০