পৃষ্ঠা:ঘোষাৰত্ন.djvu/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এতেকে তোমাক তেজি,  কোনে আন দেব ভজি,
 পাসৰিবে তজু উপকাৰ।
যিতো অন্তৰ্য্যামী হৰি,  চৰাচৰ আছা ধৰি,
 যাত বিনা বস্তু নাহি আৰ॥১৬৯
বাহিৰে ভিতৰে হৰি,  তুমি গুৰু ৰূপ ধৰি,
 শিষ্যক দিয়াহা উপদেশ।
তথাপিতো যিতে নৰে,  তোমাৰ শৰণ তেজি,
 তাৰ নুগুচয় ঋণ শেষ॥১৭০
নৰসিংহ পুৰাণত,  ঈশ্বৰৰো এহিমত,
 বাসুদেব যিজনে বোলয়।
শৰণ তোমাত লৈলে,  দেব আশা দূৰে থৈলে,
 তাৰ হবা সংসাৰৰ ভয়॥১৭১
যমে তাত বোধ দেন্ত,  দূত কৰ্ণমূলে কত
 সবাৰে হাততে পাশ দেখি।
অভক্তৰ অধিকাৰ,  জানা মঞি সাৰে সাৰ,
 তাসম্বাক আনা লেখি লেখি॥১৭২
শৰণ লৱয় যিতো,  মধুসুদনৰ সিতো
 বল্লভ হোৱয় আতিশয়।
তাসম্বাৰ তেজা পাশ, যদি জীবে কৰা আশ,
 নিষ্টে মঞি কৈলো দূতচয়॥১৭৩