নৰতনু পায়া যিতো ভজে, বিষয় বাসনা দূৰে তেজে,
তাহাক উদ্ধাৰ কৰিয়োক নৰহৰি॥৫৫৭
যি কালত গুরু তদা পাৱে, মোৰ দুষ্ট মন সৰ্ব্বভাৱে,
কৰিবে আশ্ৰয় তোমাৰ গুণ সুমৰি।
তেখনে সাধন শ্ৰম তেজি, তজু অনুগ্ৰহ মনে ভজি,
পৰম সুখক লভিবো আনন্দ কৰি॥৫৫৮
যিতে ভজে হৰি তদু পাৱে, পৰম আনন্দে সৰ্ব্বভাৱে,
চিদানন্দ ৰূপে প্ৰকাশা তোৰা সদাই।
যাৰ আত্মা ভৈলা তুমি হৰি, ধনজন জায়া তুচ্ছ কৰি,
যিতো জন ফুৰে তজু নাম গুণ গাই॥৫৫৯
তোমাক চিন্তিয়া নৰহৰি, বিষয়ৰ সঙ্গ পৰিহৰি,
মৎসৰ ৰহিত সাধু সঙ্গে যাইবো আমি।
মুখ পদ্ম হন্তে তাসম্বাৰ, তজু যশ ৰস বৱে ধৰে,
তাৰ স্নান পানে নধৰিবো দেহ আমি॥৫৬০
হে নৰ হৰি তই মায়া, তোমাৰ কটাক্ষ বল পায়া,
মোৰ শিৰে চৰি আনন্দে নৃত্য কৰয়।
শৰণ পশিলোঁ তজু পাৱে, মায়া দূৰ কৰা সৰ্ব্বভাবে,
তোমাত বিনায় আন দেৱ নাহিকয়॥৫৬১
ব্ৰহ্মাদি নপান্ত অন্তু যাৰ, তুমিও নজানা সাৰে সাৰ,
বেদ শিৰোৰত্ন যাৰ অন্ত নজানয়।
পৃষ্ঠা:ঘোষাৰত্ন.djvu/১২৫
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১০১)